Free trial শেষ হোৱাৰ পিছত auto deduction কেনেকৈ ৰখাব

সাত দিনৰ free trial ৰ বাবে আপুনি ₹1 দি UPI PIN দিছিল। আঠ দিনৰ দিনা SMS আহিল — ₹499 কাটি গৈছে। Trial টো সঁচাকৈ বিনামূলীয়া আছিল, কিন্তু তাৰ লগতে এটা UPI AutoPay mandate ও তৈয়াৰ হৈছিল, আৰু সেইটোৱেই এতিয়া টকা টানি আছে।

আপোনাৰ একাউণ্টত কেইটা auto-pay চলি আছে জানিব বিচাৰেনে?

এতিয়াই আমাৰ free app ডাউনলোড কৰক আৰু 1 ক্লিকতে cancel কৰক!

বিনামূলীয়া App ডাউনলোড কৰক

Trial আৰম্ভ কৰাৰ লগে লগে এই তিনিটা কাম কৰক

  1. Trial কিমান দিনৰ, আৰু কোনদিনা শেষ হয় — তাৰিখটো টুকি লওক।
  2. UPI এপত mandate ৰ তালিকা খুলি চাওক; নতুন mandate টো তাত ওলাব। তাত ৰাশি আৰু পিছৰ debit ৰ তাৰিখ চাই লওক।
  3. Trial শেষ হোৱাৰ দুদিন আগৰ বাবে ফোনত এটা reminder দি থওক।

Trial শেষ হোৱাৰ আগতে mandate বাতিল কৰক

  1. PhonePe: এপ খোলক → ওপৰৰ বাওঁফালৰ profile আইকন → Manage AutoPay → mandate টো বাছনি কৰক → Cancel AutoPay → confirm।
  2. Google Pay: ওপৰৰ সোঁফালৰ profile ছবি → Autopay → mandate টোত টিপক → Cancel autopay → confirm।
  3. Paytm: profile আইকন → UPI Automatic Payments → Manage → *Cancel*।
  4. BHIM: Mandate → My Mandates → *Revoke*।

এপটোত mandate টো নেদেখিলেও চিন্তা নাই — একেটা বেংক একাউণ্ট link কৰা যিকোনো UPI এপৰ পৰাই ইয়াক বাতিল কৰিব পাৰি।

তথাপি টকা কাটি গ'লে কি কৰিব

  1. SMS ৰ পৰা merchant ৰ নাম আৰু e-mandate reference number টুকি লওক।
  2. UPI এপত Help → সেই transaction ত Report an issue দি অভিযোগ দিয়ক।
  3. তিনি দিনতো সমাধান নহ'লে বেংকত অভিযোগ কৰক।
  4. 30 দিনৰ পিছতো সমাধান নহ'লে cms.rbi.org.in ত RBI Ombudsman ৰ ওচৰত যাওক।

এটা গুৰুত্বপূৰ্ণ কথা

Mandate বাতিল কৰিলে কেৱল টকা কটাটো বন্ধ হয়; merchant ৰ ওচৰত subscription টো নিজেই বাতিল কৰিব লাগিব। Refund সদায় নিশ্চিত নহয় — অনুমতি নোহোৱাকৈ কটা বা আগতেই বাতিল কৰা mandate ৰ ক্ষেত্ৰতহে সম্ভাৱনা বেছি।

সঘনাই সোধা প্ৰশ্ন

টকা কটাৰ আগতে খবৰ পামনে? পাব — প্ৰতিটো debit ৰ আগতে এটা pre-debit notification আহে।

Trial বাতিল কৰিলে credit score ত প্ৰভাৱ পৰিবনে? নপৰে; mandate বাতিল কৰাটোৱে CIBIL ত কোনো প্ৰভাৱ নেপেলায়।

শেষ কথা

Free trial ৰ আচল ফান্দটো হ'ল পাহৰি যোৱা। তাৰিখটো টুকি লওক আৰু শেষ হোৱাৰ আগতেই mandate টো বাতিল কৰি দিয়ক — তেতিয়াহে trial সঁচাকৈ বিনামূলীয়া হ'ব।

আপোনাৰ একাউণ্টত কেইটা auto-pay চলি আছে জানিব বিচাৰেনে?

এতিয়াই আমাৰ free app ডাউনলোড কৰক আৰু 1 ক্লিকতে cancel কৰক!

বিনামূলীয়া App ডাউনলোড কৰক